Saturday, 5 September 2015

[২৪]-“হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনধাৰাৰ চমু লেখ”

[২৪]-“হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনধাৰাৰ চমু লেখ”
———————চৈয়দ চ’গুড ইছলাম—৩০/০৮/২০১৫—————— 

---“হোবল”ক বাদদি প্রাচীনতম মূর্তিবিলাকৰ মাজত আছিল “মানাত”মূর্তি(ছহীহ বুখাৰী ১/২২২) “লাত”মূর্তি আৰু “উজযা”মূর্তি । এই ত্রিমূর্তি প্রাচীন আৰবত আটাইতকৈ ডাঙৰ মূর্তি আছিল। এই মূর্তিবোৰৰ হিজায[Hejaz ] উপদ্বীপত ব্যাপকভাৱে পূজা-অর্চনা হবলৈ ধৰে।
---আগতে উল্লেখিত আমৰ বিন লুহাইৰ এটা অতি বিশ্বাসী আৰু অনুগত “জিন” আছিল। সি ক’লেযে নূহ সম্প্রদায়ৰ কিছুমান বিখ্যাত মূর্তি জেদ্দাত মাটিৰ তলত পুতি থোৱা আছে। মূর্তিৰ সন্ধান পাই আমৰ জেদ্দালৈগৈ মূর্তিবোৰ খান্দি বাহিৰ কৰিলে। এই মূর্তিবোৰৰ ভিতৰত আছিল “ওৱাদ্দ”, “সোওৱা”, “য়াগুছ”, “ইয়াউক” আৰু “নাছৰ” নামৰ মূর্তিবোৰ। মূর্তিবোৰ আমৰে আৰবলৈ আনি হজৰ সময়ত বিভিন্ন গোত্রৰ মাজত ভগাই দিয়ে। পৰৱর্তী সময়ত মানুহৰ ঘৰে ঘৰে মূর্তি স্থাপন কৰিবলৈ ধৰে।
---ইয়াকে দেখি মুশৰিকবোৰেও গোটেই মছজিদুল হাৰামত বিভিন্ন মূর্তিৰে ভৰাই দিয়ে। কথিত আছেযে মক্কা বিজয়ৰ আগত মছজিদুল হাৰামত ৩৬০ টা মূর্তি আছিল। মক্কা বিজয়ৰ পিছত ৰছুলুল্লাহ ছলল্লাহু আলেইহিচ্ছালামে নিজ মুবাৰক হাতেৰ এই মূর্তিবোৰ ধব্বংস কৰে।

---মছজিদুল হাৰামত ৰছুলুল্লাহ ছলল্লাহু আলেইহিচ্ছালাৰ প্রৱেশৰ সময়ত তেওঁৰ(দঃ) চাৰিওফালে আনছাৰ ও মুহাজেৰীণেৰে পৰিবেষ্টিত আছিল। হাতত আছিল কামান সদৃহ ধনু। হাজাৰে আসঅদ চুম্বন কৰাৰ পিছতেই হাতত থকা কামানেৰে মছজিদুল হাৰামৰ চৰিওফালে থকা আৰু ছাদৰ ওপৰত থকা ৩৬০ টা মূর্তিক আঘাট কৰি কৰি কবলৈ ধৰিলেঃ-
---হক বা সত্য আহি গৈছে আৰু বাতিল বিলুপ্তহৈ গৈছে। বাতিল বিলুপ্ত হোৱাৰেই বিষয়।(১৭/৮১)
---http://www.multimediaquran.com/quran/017/017-081.htm
---হক বা সত্য আহি গৈছে আৰু বাতিলৰ চলা-ফুৰা শেষহৈ গৈছে।(৩৪/৪৯)
---http://www.multimediaquran.com/quran/034/034-049.htm
---নবী ছলল্লাহু আলেইহিচ্ছালামৰ আঘাটত মূর্তিবোৰ ভাঙি-চিঙি ভূপতিত হয়।
---নিজ উটৰ পিঠিত উঠিয়েই তাওৱাফ সম্পন্ন কৰে। ইহৰাম অৱস্থাত নথকাৰ বাবে নবী কৰীম ছলল্লাহু আলেইহিচ্ছালামে কেৱল তাওৱাফতেই কাম শেষ কৰে। তাৰ পিছত কা’বা ঘৰৰ চাবি অনাই দুৱাৰ খুলাই ভিতৰত প্রবেশ কৰে। কা’বাৰ ভিতৰত আছিল হজৰত ইব্রাহীম(আঃ) আৰু হজৰত ইছমাইলৰ(আঃ) মূর্তিদ্বয়। মূর্তিৰ হাতত আছিল ভবিষ্যবাণী লিখা কাড়ঁ। তাকে দেখি নবী কৰীম ছলল্লাহু আলেইহিচ্ছালামে ক’লে-“আল্লা তা’লাই সেই মুশৰিকক ধব্বংস কৰক, আল্লাহৰ কচম এই দুইজন পয়গম্বৰে কেতিয়াও ভবিষ্যত জনাৰ বাবে এইধৰণৰ কাড়ঁ ব্যৱহাৰ কৰা নাছিল”। কা’বা ঘৰৰ ভিতৰৰ অন্যান্য মূর্তি আৰু ছবি লগতে কাঠেৰে তৈয়াৰি পাৰ চৰাই সদৃহ এটা মূর্তি সম্পূর্ণভাৱে নবী কৰীম ছলল্লাহু আলেইহিচ্ছালামে নিজৰে হাতে ধব্বংস কৰি পেলায়। (sgis-Note:-এই বিষয়ে আমি পিছলৈ অধিক জানিব পাৰিম-in sha Allah)।
-ক্রমশঃ-ইন শ্বা আল্লাহ—

No comments:

Post a Comment