Tuesday, 10 November 2015
Saturday, 5 September 2015
[২৫]-“হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনধাৰাৰ চমু লেখ”
[২৫]-“হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনধাৰাৰ চমু লেখ”
———————চৈয়দ চ’গুড ইছলাম—০৬/০৯/২০১৫——————
“-----কা’বা ঘৰৰ ভিতৰৰ অন্যান্য মূর্তি আৰু ছবি লগতে কাঠেৰে তৈয়াৰি পাৰ চৰাই সদৃহ এটা মূর্তি সম্পূর্ণভাৱে নবী কৰীম ছলল্লাহু আলেইহিচ্ছালামে নিজৰে হাতে ধব্বংস কৰি পেলায়।---------“
+++++++++++++++++++++++++++++
---ওপৰৰ বাক্যটো যোৱা খণ্ডৰ শেষৰ বাক্য। সেই বাক্যটোৰ পিছৰ কথাবোৰ বৰ উত্তেজনা(thrill) পূর্ণ। নবী কৰীম ছলল্লাহু আলেইহি ৱাচ্ছালামে “-----কা’বা ঘৰৰ ভিতৰত চালাত আদায়ৰ পিছত এটা কোৰাণ কৰীমৰ আয়াত পাঠ কৰিলে(quran.com/49/13/)। তাৰপিছত ক’লে-“হে কুৰাইছ সকল তোমালোকে মোৰ পৰা কেনে ব্যৱহাৰ আশা কৰা?”----তাৰ পিছত ডাঙৰ ডাঙৰ গাদ্দাৰৰ মাজৰ পৰা ন’জনৰ নাম উল্লেখ কৰি সিহঁতক কা’বা ঘৰৰ পর্দাৰ ওচৰত পালেও হত্যা কৰাৰ নির্দ্দেশ দিলে। কাক হত্যা কৰা হ’ল কাক কিয় এৰি দিলে আদি বহু কথা।।।কিন্তু এই কথাবোৰ আমি পিছলৈ ৰাখিবলৈ বাধ্য। কাৰণ আমাৰ লিখনিত সেই মহান নবী ( ছলল্লাহু আলেইহি ৱাচ্ছালাম)জনৰ জন্মই হোৱা নাই।।
+++++++++++++++++++++++++++++
---ইফালে জাহেলিয়া যুগৰ মানুহবোৰে বিভিন্ন মনে গড়া পদ্ধতিৰে মূর্তি পূজা প্রচলন কৰিবলৈ ধৰিলে। ইয়াৰ বেছি ভাগেই আমৰ বিন লুহাইৰ মনেগড়া আছিল। কিন্তু ইয়াৰ উদ্দেশ্য হজৰত ইব্রাহীম(আঃ)ৰ প্রৱর্তিত দ্বীনৰ বিলোপ্ত সাধণৰ বাবে নহয় বৰং দ্বীনৰ কিছু উন্নতি কৰণৰ বাবে নতুন সংযোজৰ দ্বাৰা সর্বযুগৰ উপযোগী হোৱাকৈ এক পৰিপূর্ণ জীৱন ব্যৱস্থাৰ বাবেহে। মূর্তি পূজাৰ ৰীতি-নীতি বোৰ এনে ধৰণৰ আছিলঃ-
১]-মূর্তিবোৰৰ ওচৰত অনুনয় বিনয় সহকাৰে উচ্চকণ্ঠে প্রার্থনা কৰা যাতে দেব দেবীবোৰে আল্লাৰ ওচৰত মঙ্গলৰ বাবে ভক্তৰ প্রার্থনাৰ সুপাৰিছ পেশ কৰি মঞ্জুৰ কৰাব পাৰে।
২]-মূর্তিবোৰৰ সদয়ৰ বাবে সিহঁতৰ উদ্দেশ্যে হজ সম্পন্ন কৰা। সুপ্রশন্নৰ বাবে সিহঁতক চিজদাহ কৰা।
৩]-মূর্তিবোৰৰ বাবে বিভিন্ন প্রকাৰৰ মানত আৰু কোৰবানী উৎসর্গা কৰা। এই কোৰবানী মূর্তিৰ আগত সেই মূর্তিৰেই নামত জবেহ কৰা হয় ।
---আল্লাহ তা’লাই কোৰআন মজীদত কৈছে- “এই সকলো পশুও হাৰাম যিবোৰ মূর্তিৰ বেদীত যবেহ কৰা হৈছে-(http://quran.com/5/3/ )
---আকৌ আল্লাহ তা’লাই কোৰআন মজীদত কৈছে-“সেই জন্তুৰ মাংস নেখাবা যাক আল্লাৰ নাম নোলোৱাকৈ যবেহ কৰা হয়। অর্থাৎ গায়ৰুল্লাহৰ নামত যবেহ কৰা হৈছে- [http://quran.com/6/121]
৪]-মূর্তি পূজাৰ জৰিয়তে আল্লাহৰ নৈকট্য লাভৰ উদ্দেশ্যে খাদ্য, উৎপাদিত শস্যাদি, পালিত পশুৰ কিছু অংশৰ দুটা ভাগ কৰি এটা অংশ মূর্তিৰ বাবে আৰু আন এটা অংশ আল্লাহৰ বাবে উৎসর্গা কৰা হয়। কিন্তু কার্য্য ক্ষেত্রত দুয়োটা মিহলাই মূর্তিকহে উৎসর্গা কৰাৰ ফলত আল্লাই একো নেপায়গৈ।
---আল্লাহ তা’লাই কোৰআন মজীদত কৈছে-Sahih International
And the polytheists assign to Allah from that which He created of crops and livestock a share and say, "This is for Allah ," by their claim, " and this is for our partners [associated with Him]." But what is for their "partners" does not reach Allah , while what is for Allah - this reaches their "partners." Evil is that which they rule. [http://quran.com/6/136]
৫]-মূর্তিৰ নৈকট্য লাভৰ আৰু এটা নিয়ম আছিলযে শস্যাদি আৰু চতুস্পদ পশুৰ কিছু অংশ বিভিন্ন প্রকৃতিৰ বাবে মানত কৰা। এই মানত কৰা শস্যাদি আৰু চতুস্পদ পশুবোৰ কোনেও ব্যৱহাৰ কৰা বৈধ নাছিল আৰু খাব নোৱাৰিছিল।
---আল্লাহ তা’লাই কোৰআন মজীদত কৈছে- Sahih International
And they say, "These animals and crops are forbidden; no one may eat from them except whom we will," by their claim. And there are those [camels] whose backs are forbidden [by them] and those upon which the name of Allah is not mentioned - [all of this] an invention of untruth about Him. He will punish them for what they were inventing. [http://quran.com/6/138]
---ক্রমশঃ ইন শ্বা আল্লাহ
[২৪]-“হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনধাৰাৰ চমু লেখ”
[২৪]-“হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনধাৰাৰ চমু লেখ”
———————চৈয়দ চ’গুড ইছলাম—৩০/০৮/২০১৫——————
———————চৈয়দ চ’গুড ইছলাম—৩০/০৮/২০১৫——————
---“হোবল”ক বাদদি প্রাচীনতম মূর্তিবিলাকৰ মাজত আছিল “মানাত”মূর্তি(ছহীহ
বুখাৰী ১/২২২) “লাত”মূর্তি আৰু “উজযা”মূর্তি । এই ত্রিমূর্তি প্রাচীন আৰবত
আটাইতকৈ ডাঙৰ মূর্তি আছিল। এই মূর্তিবোৰৰ হিজায[Hejaz ] উপদ্বীপত
ব্যাপকভাৱে পূজা-অর্চনা হবলৈ ধৰে।
---আগতে উল্লেখিত আমৰ বিন লুহাইৰ এটা অতি বিশ্বাসী আৰু অনুগত “জিন” আছিল।
সি ক’লেযে নূহ সম্প্রদায়ৰ কিছুমান বিখ্যাত মূর্তি জেদ্দাত মাটিৰ তলত পুতি
থোৱা আছে। মূর্তিৰ সন্ধান পাই আমৰ জেদ্দালৈগৈ মূর্তিবোৰ খান্দি বাহিৰ
কৰিলে। এই মূর্তিবোৰৰ ভিতৰত আছিল “ওৱাদ্দ”, “সোওৱা”, “য়াগুছ”, “ইয়াউক” আৰু
“নাছৰ” নামৰ মূর্তিবোৰ। মূর্তিবোৰ আমৰে আৰবলৈ আনি হজৰ সময়ত বিভিন্ন গোত্রৰ
মাজত ভগাই দিয়ে। পৰৱর্তী সময়ত মানুহৰ ঘৰে ঘৰে মূর্তি স্থাপন কৰিবলৈ ধৰে।
---ইয়াকে দেখি মুশৰিকবোৰেও গোটেই মছজিদুল হাৰামত বিভিন্ন মূর্তিৰে ভৰাই দিয়ে। কথিত আছেযে মক্কা বিজয়ৰ আগত মছজিদুল হাৰামত ৩৬০ টা মূর্তি আছিল। মক্কা বিজয়ৰ পিছত ৰছুলুল্লাহ ছলল্লাহু আলেইহিচ্ছালামে নিজ মুবাৰক হাতেৰ এই মূর্তিবোৰ ধব্বংস কৰে।
---মছজিদুল হাৰামত ৰছুলুল্লাহ ছলল্লাহু আলেইহিচ্ছালাৰ প্রৱেশৰ সময়ত তেওঁৰ(দঃ) চাৰিওফালে আনছাৰ ও মুহাজেৰীণেৰে পৰিবেষ্টিত আছিল। হাতত আছিল কামান সদৃহ ধনু। হাজাৰে আসঅদ চুম্বন কৰাৰ পিছতেই হাতত থকা কামানেৰে মছজিদুল হাৰামৰ চৰিওফালে থকা আৰু ছাদৰ ওপৰত থকা ৩৬০ টা মূর্তিক আঘাট কৰি কৰি কবলৈ ধৰিলেঃ-
---হক বা সত্য আহি গৈছে আৰু বাতিল বিলুপ্তহৈ গৈছে। বাতিল বিলুপ্ত হোৱাৰেই বিষয়।(১৭/৮১)
---http://www.multimediaquran.com/quran/017/017-081.htm
---হক বা সত্য আহি গৈছে আৰু বাতিলৰ চলা-ফুৰা শেষহৈ গৈছে।(৩৪/৪৯)
---http://www.multimediaquran.com/quran/034/034-049.htm
---নবী ছলল্লাহু আলেইহিচ্ছালামৰ আঘাটত মূর্তিবোৰ ভাঙি-চিঙি ভূপতিত হয়।
---নিজ উটৰ পিঠিত উঠিয়েই তাওৱাফ সম্পন্ন কৰে। ইহৰাম অৱস্থাত নথকাৰ বাবে নবী কৰীম ছলল্লাহু আলেইহিচ্ছালামে কেৱল তাওৱাফতেই কাম শেষ কৰে। তাৰ পিছত কা’বা ঘৰৰ চাবি অনাই দুৱাৰ খুলাই ভিতৰত প্রবেশ কৰে। কা’বাৰ ভিতৰত আছিল হজৰত ইব্রাহীম(আঃ) আৰু হজৰত ইছমাইলৰ(আঃ) মূর্তিদ্বয়। মূর্তিৰ হাতত আছিল ভবিষ্যবাণী লিখা কাড়ঁ। তাকে দেখি নবী কৰীম ছলল্লাহু আলেইহিচ্ছালামে ক’লে-“আল্লা তা’লাই সেই মুশৰিকক ধব্বংস কৰক, আল্লাহৰ কচম এই দুইজন পয়গম্বৰে কেতিয়াও ভবিষ্যত জনাৰ বাবে এইধৰণৰ কাড়ঁ ব্যৱহাৰ কৰা নাছিল”। কা’বা ঘৰৰ ভিতৰৰ অন্যান্য মূর্তি আৰু ছবি লগতে কাঠেৰে তৈয়াৰি পাৰ চৰাই সদৃহ এটা মূর্তি সম্পূর্ণভাৱে নবী কৰীম ছলল্লাহু আলেইহিচ্ছালামে নিজৰে হাতে ধব্বংস কৰি পেলায়। (sgis-Note:-এই বিষয়ে আমি পিছলৈ অধিক জানিব পাৰিম-in sha Allah)।
-ক্রমশঃ-ইন শ্বা আল্লাহ—

Subscribe to:
Comments (Atom)